Tense (ASSEB/SEBA Class IX/9)

বৰ্তমান কাল বা Present Tense হ’ল কোনো এটা কাম বৰ্তমান সময়ত হৈ থকা বা সচৰাচৰ ঘটি থকা বুজোৱা কাল।ইয়াক তলত দিয়া ধৰণে চাৰিটা ভাগত ভগাব পাৰি:

১. Present Indefinite Tense (সাধাৰণ বৰ্তমান কাল)

কোনো কাম বৰ্তমানত সচৰাচৰ ঘটা, কোনো চিৰন্তন সত্য বা অভ্যাসগত কাম বুজাবলৈ এই Tense ব্যৱহাৰ কৰা হয়।

  • Structure: Subject + Verb (s/es) + Object.

(যদি Subject-টো Third Person Singular Number হয়, তেন্তে Verb-ৰ শেষত‘s’বা‘es’যোগ হয়।-o, -ch, -sh, -z, -s, -ss, বা -x ৰে শেষ হোৱা ক্ৰিয়া(Verb) ৰ বাবে -es ব্যৱহাৰ কৰক (e.g., goes, teaches, fixes)। আন বেছিভাগ ক্ৰিয়াৰ বাবে কেৱল -s যোগ কৰক (e.g., plays, eats, runs)।)

  • উদাহৰণ:
    • মই ভাত খাওঁ। (I eat rice.)
    • সূৰ্য পূব দিশত উঠে। (The sun rises in the east.) — চিৰন্তন সত্য
    • সি স্কুললৈ যায়। (He goes to school.) — Third Person Singular

২. Present Continuous Tense (ঘটমান বৰ্তমান কাল)

কোনো এটা কাম বৰ্তমান সময়ত চলি থকা বা হৈ থকা বুজাবলৈ এই Tense ব্যৱহাৰ কৰা হয়।

  • Structure: Subject + am/is/are + Verb + ing + Object.
  • সহায়ক ক্ৰিয়াৰ ব্যৱহাৰ:
    • Iৰ লগতam
    • He/She/It/যিকোনো নামৰলগতis
    • We/You/Theyৰ লগতare
  • উদাহৰণ:
    • মই এখন কিতাপ পঢ়ি আছোঁ। (I am reading a book.)
    • ল’ৰাবোৰে খেলি আছে। (The boys are playing.)
    • সীমা আহি আছে। (Sima is coming.)

৩. Present Perfect Tense (পুৰাঘটিত বৰ্তমান কাল)

কোনো এটা কাম অলপ আগতে শেষ হৈছে, কিন্তু তাৰ ফল এতিয়াও আছে— এনে বুজাবলৈ এই Tense ব্যৱহাৰ হয়।

  • Structure: Subject + have/has + Past Participle (V3) of Verb + Object.
  • ব্যৱহাৰ:
    • I/We/You/Theyৰ লগতhave
    • He/She/Itৰ লগতhas
  • উদাহৰণ:
    • মই কামটো কৰিলোঁ। (I have done the work.)
    • সি চিঠিখন লিখিছে। (He has written the letter.)
    • তেওঁলোক আহি পালে। (They have arrived.)

৪. Present Perfect Continuous Tense (পুৰাঘটিত ঘটমান বৰ্তমান কাল)

কোনো এটা কাম অতীতত আৰম্ভ হৈ বৰ্তমান সময়লৈকে চলি থকা বুজাবলৈ এই Tense ব্যৱহাৰ কৰা হয়।

  • Structure: Subject + have been/has been + Verb + ing + Object + Time reference (since/for).
  • মন কৰিবলগীয়া:নির্দিষ্ট সময় বুজাবলৈ‘since’আৰু সময়ৰ ব্যাপ্তি বুজাবলৈ‘for’ব্যৱহাৰ হয়।
  • উদাহৰণ:
    • মই দুঘণ্টা ধৰি পঢ়ি আছোঁ। (I have been reading for two hours.)
    • ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে। (It has been raining since morning.)

পৰীক্ষাত মন কৰিবলগীয়া কিছুমান শব্দ (Hints):

  • Present Indefinite: Always, often, daily, everyday, usually.
  • Present Continuous: Now, at present, look!, listen!
  • Present Perfect: Just, already, yet, recently.
  • Present Perfect Continuous: Since, for.
  •  

Class IX: Unit Test on Tenses (Present Tense)

Subject: English Grammar

Time: 45 Minutes | Total Marks: 25

Section A: Fill in the Blanks (1 x 5 = 5 Marks)

Fill in the blanks with the correct Present Indefinite or Present Continuous form of the verbs given in brackets.

  1. The Earth _______ (revolve) around the Sun.
  2. Look! The boys _______ (play) football in the rain.
  3. My mother _______ (cook) delicious food every day.
  4. Please be quiet; I _______ (try) to concentrate on my lessons.
  5. He _______ (go) to the library every Sunday.

Answer Key

Section A:

  1. revolves
  2. are playing
  3. cooks
  4. am trying
  5. goes

Section B: Present Perfect & Perfect Continuous (1 x 5 = 5 Marks)

Use the correct tense (Present Perfect or Present Perfect Continuous) for the following sentences.

  1. I _______ (write) three letters since morning.
  2. It _______ (rain) since last night.
  3. They _______ (live) in this house for ten years.
  4. She _______ (just / finish) her homework.
  5. We _______ (know) each other for a long time.

Answer Key

Section B:

  1. have written
  2. has been raining
  3. have been living
  4. has just finished
  5. have known (Note: ‘Know’ is a stative verb, usually not used in continuous form).

Section C: Sentence Transformation (2 x 5 = 10 Marks)

Rewrite the following sentences as directed in the brackets.

  1. She has eaten her lunch. (Change into Present Perfect Continuous)
  2. I have been waiting for you. (Change into Present Indefinite)

Answer Key

Section C:

  1. She has been eating her lunch.
  2. I wait for you.

Section D: Error Correction (1 x 5 = 5 Marks)

Identify and correct the tense-related errors in the following sentences.

  1. The sun is rising in the east.
  2. I am having a large house in the village.
  3. She has been reading this book since two hours.
  4. They has gone to the market just now.
  5. Are you liking this music?

Answer Key

Section D:

  1. The sun rises in the east. (Universal Truth)
  2. I have a large house… (Stative verb)
  3. …for two hours. (Duration of time)
  4. They have gone… (Subject-Verb agreement)
  5. Do you like this music? (Stative verb)

Paste Tense

অতীত কাল (Past Tense) মানে হ’ল যি কাম ইতিমধ্যে হৈ গৈছে। অতীত কালক চাৰিটা ভাগত ভাগ কৰি তলত সহজকৈ বুজাই দিয়া হ’ল:

১. সাধাৰণ অতীত (Simple Past Tense)

যি কাম অতীতত ঘটিছিল বা অতীতৰ কোনো অভ্যাস বুজাবলৈ এই কাল ব্যৱহাৰ কৰা হয়।

  • গঠন (Structure): Subject + Verb (Past form) + Object.
  • অসমীয়া চিন:ক্ৰিয়াৰ শেষত -লোঁ, -লি, -লে আদি যোগ হয়।
  • উদাহৰণ:
    • মই ভাত খালোঁ। (I ate rice.)
    • সি স্কুললৈ গ’ল। (He went to school.)
    • সি কামটো কৰিলে । (He did the work)

২. অপূৰ্ণ অতীত (Past Continuous Tense)

অতীতত কোনো এটা কাম চলি আছিল বুজাবলৈ এই কাল ব্যৱহাৰ কৰা হয়।

  • গঠন (Structure): Subject + was/were + Verb-ing + Object.
  • অসমীয়া চিন:ক্ৰিয়াৰ শেষত -আছিলোঁ, -আছিলি, -আছিল আদি যোগ হয়।
  • উদাহৰণ:
    • মই পঢ়ি আছিলোঁ। (I was reading.)
    • তেওঁ পঢ়ি আছিল ।(He was reading)
    • তেওঁলোকে খেলি আছিল। (They were playing.)

৩. পূৰ্ণ অতীত (Past Perfect Tense)

অতীতত দুটা কামৰ ভিতৰত এটা কাম আনটোৰ আগত হৈ গ’লে, আগতে হোৱা কামটো বুজাবলৈ Past Perfect ব্যৱহাৰ হয়। (ইয়াত প্ৰায়েBeforeবাAfterব্যৱহাৰ কৰা হয়)।

  • গঠন (Structure): Subject + had + Past Participle (V3) + Object.
  • উদাহৰণ:
    • ডাক্তৰজন অহাৰ আগতেই ৰোগীজন মৰিছিল। (The patient had died before the doctor came.)
    • মই যোৱাৰ আগতে তেওঁ কামটো কৰিছিল। (He had done the work before I went.)

৪. পূৰ্ণ-অপূৰ্ণ অতীত (Past Perfect Continuous Tense)

অতীতত কোনো কাম এটা দীঘলীয়া সময় ধৰি চলি আছিল বুজাবলৈ এই কাল ব্যৱহাৰ হয়।

  • গঠন (Structure): Subject + had been + Verb-ing + Object.
  • উদাহৰণ:
    • মই দুঘণ্টা ধৰি কামটো কৰি আছিলোঁ। (I had been doing the work for two hours.)
    • যোৱা সোমবাৰৰ পৰা বৰষুণ দি আছিল। (It had been raining since last Monday.)

Past Tense Worksheet (Class 9)

সময়: ৪৫ মিনিট | মুঠ নম্বৰ: ২০


Q1. Fill in the blanks with the correct Simple Past form of the verbs given in brackets: (1 × 5 = 5)

  1. I ________ (see) a tiger in the zoo yesterday.
  2. They ________ (visit) Delhi last summer.
  3. My mother ________ (cook) delicious food for the guests.
  4. Shakespeare ________ (write) many famous plays.
  5. We ________ (not/go) to school on Sunday.

উত্তৰমালা (Answer Key) :  1. saw, 2. visited, 3. cooked, 4. wrote, 5. did not go.

Q2. Rewrite the following sentences in Past Continuous Tense: (1 × 5 = 5)

  1. The boys play football.
  2. She sings a beautiful song.
  3. It rains heavily.
  4. I write a letter to my friend.
  5. The birds fly in the sky.

উত্তৰমালা (Answer Key) :- 1. The boys were playing football, 2. She was singing…, 3. It was raining…, 4. I was writing…, 5. The birds were flying…

Q3. Choose the correct form of the verb (Past Perfect or Simple Past): (1 × 5 = 5)

  1. The train ________ (leave) before we reached the station.
  2. When I arrived, the meeting ________ (already/start).
  3. He ________ (finish) his homework before he went to play.
  4. The patient had died before the doctor ________ (come).
  5. I realized that I ________ (forget) my umbrella at home.

উত্তৰমালা (Answer Key):-  1. had left, 2. had already started, 3. had finished, 4. came, 5. had forgotten.

Q4. Translate the following into English: (1 × 5 = 5)

  1. মই কালি এখন কিতাপ কিনিছিলোঁ।
  2. তেওঁলোকে পথাৰত খেলি আছিল।
  3. বৰষুণ দিয়াৰ আগতে আমি ঘৰ পাইছিলোঁ।
  4. তুমি যোৱা বছৰ ক’লৈ গৈছিলা?
  5. ৰাতিপুৱাৰ পৰা বৰষুণ দি আছিল।

উত্তৰমালা (Answer Key):-  1. I bought a book yesterday. 2. They were playing in the field. 3. We had reached home before it rained. 4. Where did you go last year? 5. It had been raining since morning.

Future Tense

ভৱিষ্যৎ কাল (Future Tense) বুলিলে যিবোৰ কাম এতিয়াও হোৱা নাই, অৰ্থাৎ অনাগত সময়ত হ’ব, তেনেবোৰ কামক বুজায়। ইয়াক চাৰিটা ভাগত ভাগ কৰি তলত আলোচনা কৰা হ’ল:


১. সাধাৰণ ভৱিষ্যৎ (Simple Future Tense)

ভৱিষ্যতে কোনো এটা কাম সাধাৰণভাৱে হ’ব বুজাবলৈ এই কাল ব্যৱহাৰ কৰা হয়।

  • গঠন (Structure): Subject + shall/will + Verb (Present form) + Object.
  • অসমীয়া চিন:ক্ৰিয়াৰ শেষত -ম, -বি, -বা, -ব আদি যোগ হয়।
  • উদাহৰণ:
    • মই কাইলৈ যাম। (I shall go tomorrow.)
    • সি কামটো কৰিব। (He will do the work.)

Shall আৰু Will ৰ ব্যৱহাৰ

ব্যৱহাৰিক ইংৰাজী ব্যাকৰণতShallআৰুWillৰ ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ। বৰ্তমান সময়ত ‘Will’ ৰ ব্যৱহাৰ অধিক জনপ্ৰিয় যদিও পৰীক্ষাত শুদ্ধ নম্বৰ পাবলৈ ইয়াৰ কিছুমান নিৰ্দিষ্ট নিয়ম জনাটো প্ৰয়োজন।

১. পৰম্পৰাগত নিয়ম (Traditional Rules)

সাধাৰণ ভৱিষ্যৎ কাল বুজাবলৈ তলত দিয়া ধৰণে ব্যৱহাৰ কৰা হয়:

  • IআৰুWe (First Person) ৰ লগতShallবহে।
    • Example: I shall go to school. (মই স্কুললৈ যাম।)
  • You, He, She, It, They (Second & Third Person) ৰ লগতWillবহে।
    • Example: He will play football. (সি ফুটবল খেলিব।)

২. বিশেষ নিয়ম (Reverse Usage)

কেতিয়াবা কোনো কথাজোৰ দি ক’বলৈ (Determination), প্ৰতিজ্ঞা কৰিবলৈ (Promise)বাধমকি দিবলৈ (Threat)এই নিয়মটো ওলোটা হয়:

  • IআৰুWeৰ লগতWillবহে।
    • Example: I will pass the exam. (মই পৰীক্ষাত উত্তীৰ্ণ হ’মেই – এটা দৃঢ় সংকল্প।)
  • You, He, She, Theyৰ লগতShallবহে।
    • Example: You shall get a prize. (তুমি পুৰস্কাৰ পাবাই – এটা প্ৰতিজ্ঞা।)

৩. প্ৰশ্ন সোধাৰ ক্ষেত্ৰত (Interrogative)

প্ৰস্তাৱ দিয়া বা পৰামৰ্শ বিচৰাৰ ক্ষেত্ৰত সদায়Shallব্যৱহাৰ কৰা হয়:

  • Shall I open the door? (মই দুৱাৰখন খুলি দিম নেকি?)
  • Shall we start the class? (আমি ক্লাচটো আৰম্ভ কৰিম নেকি?)

৪. আধুনিক ব্যৱহাৰ (Modern Usage)

বৰ্তমানৰ কথ্য ইংৰাজীত (Spoken English) প্ৰায় সকলো ক্ষেত্রতেWillব্যৱহাৰ কৰা হয়। বিশেষকৈ চমু ৰূপ (Contractions) যেনে—I’ll, We’ll, He’ll, They’llব্যৱহাৰ কৰিলে ‘Shall’ আৰু ‘Will’ ৰ মাজত থকা পাৰ্থক্যটো ধৰা নপৰে।

মনত ৰাখিবলগীয়া কথা:

SubjectOrdinary Future (সাধাৰণ)Determination/Promise (জোৰ দি ক’লে)
I / WeShallWill
You / He / TheyWillShall

সহজ টিপ্‌ছ:যদি আপুনি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে, তেন্তেIআৰুWeৰ লগতShallব্যৱহাৰ কৰক। কিন্তু যদি কোনো কাম কৰিবই বুলি জোৰ দি বুজাব খুজিছে, তেন্তেWillব্যৱহাৰ কৰক।

Fill in the blanks with ‘Shall’ or ‘Will’:

১. I ________ go to school tomorrow. (মই কাইলৈ স্কুললৈ যাম।)

২. They ________ play a match next Sunday. (তেওঁলোকে অহা দেওবাৰে এখন খেল খেলিব।)

৩. We ________ help you in your project. (আমি তোমাক প্ৰকল্পটোত সহায় কৰিম।)

৪. He ________ buy a new bicycle. (সি এখন নতুন চাইকেল কিনিব।)

৫. ________ I bring a glass of water for you? (মই তোমাৰ বাবে এগিলাচ পানী আনিম নেকি?)

Ans:-

১. I shall go to school tomorrow.

২. They will play a match next Sunday.

৩. We shall help you in your project.

৪. He will buy a new bicycle.

৫.Shall I bring a glass of water for you?

২. অপূৰ্ণ ভৱিষ্যৎ (Future Continuous Tense)

ভৱিষ্যতে কোনো এটা কাম কিছু সময়ৰ বাবে চলি থাকিব বুজাবলৈ এই কাল ব্যৱহাৰ হয়।

  • গঠন (Structure): Subject + shall be/will be + Verb-ing + Object.
  • অসমীয়া চিন:ক্ৰিয়াৰ শেষত-থাকিব, -থাকিম আদি যোগ হয়।
  • উদাহৰণ:
    • মই পঢ়ি থাকিম। (I shall be reading.)
    • তেওঁলোকে খেলি থাকিব। (They will be playing.)

৩. পূৰ্ণ ভৱিষ্যৎ (Future Perfect Tense)

ভৱিষ্যতে কোনো এটা কাম এটা নিৰ্দিষ্ট সময়ৰ আগতে শেষ হ’ব বুজাবলৈ এই কাল ব্যৱহাৰ কৰা হয়।

  • গঠন (Structure): Subject + shall have/will have + Past Participle (V3) + Object.
  • উদাহৰণ:
    • মই ১০ বজাৰ আগতে কামটো কৰি উঠিম। (I shall have finished the work before 10 o’clock.)
    • শিক্ষকজন অহাৰ আগতে আমি পঢ়া শেষ কৰিম। (We shall have finished our lesson before the teacher comes.)

৪. পূৰ্ণ-অপূৰ্ণ ভৱিষ্যৎ (Future Perfect Continuous Tense)

ভৱিষ্যতে কোনো এটা কাম এটা নিৰ্দিষ্ট সময়ৰ পৰা আৰম্ভ হৈ চলি থাকিব বুজাবলৈ এই কাল ব্যৱহাৰ হয়।

  • গঠন (Structure): Subject + shall have been/will have been + Verb-ing + Object.
  • উদাহৰণ:
    • মই এসপ্তাহ ধৰি কামটো কৰি থাকিম। (I shall have been doing the work for a week.)

Future Tense Exceptions

১. Present Continuous for Future

আগতেই fix কৰা plan (arrangement)

Example:  1)  I am meeting him tomorrow.(মই কাইলৈ তেওঁক লগ পাম)

ইয়াত present form হলেওfuture meaningআছে

    2) He is Going to buy a Motorcycle.

     3) Mr Saikia is going to resign from the job.

২. Simple Present for Future

👉 timetable / schedule / fixed program

Structure:
Subject + verb (present form)

Example:The train leaves at 6 AM tomorrow.(গাড়ী কাইলৈ ৬ বজাৰ সময়ত ওলাই)

একেবাৰে fixed সময়

৩. “About to” Future

একেবাৰে সোনকালেই হ’ব (immediate future)

Structure:Subject + am/is/are + about to + verb

Example:The train is about to leave.(গাড়ী এতিয়াই ওলাই যাবলৈ ধৰিছে)

মুখ্য কথা (Important Idea):

👉 Future Tense মানে কেৱল will/ shall নহয়
👉ইংৰাজীত বহুত ধৰণে future বুজোৱা যায়

একেবাৰে সংক্ষেপে:

will/shall → Simple Future

  • going to → planned future
  • present continuous → fixed plan
  • simple present → timetable
  • about to → immediate future

Future Tense Worksheet (Class 9)

সময়: ৪৫ মিনিট | মুঠ নম্বৰ: ২০


Q1. Fill in the blanks with the Simple Future form (shall/will) of the verbs: (1 × 5 = 5)

  1. I ________ (help) you with your homework tonight.
  2. They ________ (arrive) at the station by 6 PM.
  3. It ________ (be) a sunny day tomorrow.
  4. We ________ (go) for a picnic next Sunday.
  5. The shop ________ (close) at 9 o’clock.

উত্তৰমালা (Answer Key):  1. shall help, 2. will arrive, 3. will be, 4. shall go, 5. will close.

Q2. Change the following sentences into Future Continuous Tense: (1 × 5 = 5)

(Formula: Subject + shall be/will be + Verb-ing)

  1. I read a book. → I ____________________________.
  2. She cooks dinner. → She ____________________________.
  3. They watch TV. → They ____________________________.
  4. It rains in the evening. → It ____________________________.
  5. We travel to Guwahati. → We ____________________________.

উত্তৰমালা (Answer Key):-1. shall be reading, 2. will be cooking, 3. will be watching, 4. will be raining, 5. shall be traveling.

Q3. Complete the sentences using Future Perfect Tense (shall have/will have + V3): (1 × 5 = 5)

  1. By next month, I ________________ (finish) this project.
  2. They ________________ (leave) before you reach their home.
  3. The train ________________ (start) by the time we get to the station.
  4. She ________________ (clean) the room before the guests arrive.
  5. We ________________ (complete) our syllabus by December.

উত্তৰমালা (Answer Key):1. shall have finished, 2. will have left, 3. will have started, 4. will have cleaned, 5. shall have completed.

Q4. Translate the following into English: (1 × 5 = 5)

  1. মই কাইলৈ এখন নতুন ছবিত অভিনয় কৰিম।
  2. তেওঁলোকে পথাৰত ফুটবল খেলি থাকিব।
  3. বৰষুণ দিয়াৰ আগতে আমি ঘৰ পাই যাম।
  4. তুমি মোৰ বাবে অপেক্ষা কৰি থাকিবা নেকি?
  5. অহা বছৰ আমি আমাৰ স্কুলৰ ১০ বছৰীয়া জয়ন্তী পালন কৰিম।

উত্তৰমালা (Answer Key)

  1. I shall/will act in a new movie tomorrow.
  2. They will be playing football in the field.
  3. We shall have reached home before it rains.
  4. Will you be waiting for me?
  5. Next year, we shall/will celebrate the 10th anniversary of our school.

Tenses – Structure and Uses (Class 9 English Grammar)

1. Present Tense

Tense TypeStructureExampleUse
Simple PresentSubject + V1 (s/es)She plays cricket.Regular actions, facts, habits নিয়মীয়া কাম, তথ্য, অভ্যাস
Present ContinuousSubject + is/am/are + V1 + ingI am reading a book.Action happening now এতিয়া হৈ থকা কাৰ্য্য
Present PerfectSubject + has/have + V3They have eaten lunch.Completed action with result in the present বৰ্তমানৰ ফলাফলৰ সৈতে সম্পূৰ্ণ কাৰ্য্য
Present Perfect ContinuousSubject + has/have been + V1 + ingShe has been singing for 2 hours.Action that started in the past and is still continuing পূৰ্বতে আৰম্ভ হোৱা আৰু এতিয়াও চলি থকা কাৰ্য্য

2. Past Tense

Tense TypeStructureExampleUse
Simple PastSubject + V2He watched TV.Completed action in the past অতীতত সম্পূৰ্ণ কৰা কাৰ্য্য
Past ContinuousSubject + was/were + V1 + ingThey were studying.Past action in progress অতীতৰ কাৰ্য্য চলি আছে
Past PerfectSubject + had + V3She had finished homework.Past action completed before another past action আন এটা অতীতৰ কাৰ্য্যৰ আগতে সম্পূৰ্ণ হোৱা অতীতৰ কাৰ্য্য
Past Perfect ContinuousSubject + had been + V1 + ingHe had been working for 5 hours.Action continuing up to a point in the past অতীতৰ এটা পৰ্যায়লৈকে কাৰ্য্য চলি থকা

3. Future Tense

Tense TypeStructureExampleUse
Simple FutureSubject + will/shall + V1I will go to school.Future actions or decisions ভৱিষ্যতৰ কাৰ্য্য বা সিদ্ধান্ত
Future ContinuousSubject + will be + V1 + ingShe will be writing.Future action in progress ভৱিষ্যতৰ কাৰ্য্য চলি আছে
Future PerfectSubject + will have + V3They will have completed the task.Action completed before a certain point in future ভৱিষ্যতে এটা নিৰ্দিষ্ট সময়ৰ আগতেই সম্পূৰ্ণ হোৱা কাৰ্য্য
Future Perfect ContinuousSubject + will have been + V1 + ingHe will have been working for 5 hours.Action continuing till a future time ভৱিষ্যতৰ সময়লৈকে অব্যাহত থকা কাৰ্য্য

Tips for Students

  • V1 = base form (go, eat, write)
  • V2 = past form (went, ate, wrote)
  • V3 = past participle (gone, eaten, written)

**********