| অব্যয় হৈছে এনে শব্দ— যাক লিংগ, বচন, পুৰুষ আদি অনুসাৰেসলনি কৰা নহয় আৰু বাক্যতসম্পৰ্ক, অনুভৱ বা সংযোগ দেখুৱায় উদাহৰণ: ত (in/at) লৈ (to) পৰা (from) আৰু (and) কিন্তু (but) |
Preposition কি?
যি শব্দই কোনো Noun (বিশেষ্য) বা Pronoun (সৰ্বনাম)-ৰ আগত বহি তাৰ লগত বাক্যৰ আন শব্দৰ সম্পৰ্ক বুজাই দিয়ে, তাকেই Preposition বোলে।
উদাহৰণস্বৰূপ: * The book is on the table. (কিতাপখন মেজৰ ওপৰত আছে।)
- ইয়াত ‘on’ শব্দটোৱে কিতাপ আৰু মেজৰ মাজৰ সম্পৰ্ক বুজাইছে।
অতি প্ৰয়োজনীয় কিছুমান Preposition-ৰ ব্যৱহাৰ:
১. In আৰু At-ৰ ব্যৱহাৰ:
- At:সৰু ঠাই, নিৰ্দিষ্ট সময় বা কোনো নিৰ্দিষ্ট বিন্দু বুজাবলৈ ব্যৱহাৰ হয়।
- Example: He lives atJuria. / The school starts at 9 AM.
- In:ডাঙৰ চহৰ, দেশ, মাহ, বছৰ,ঋতু বা কোনো বস্তুৰ ভিতৰত থকা বুজাবলৈ ব্যৱহাৰ হয়।
- Example: We live in Assam. / There is water in the bottle.
২. On, Over আৰু Above-ৰ ব্যৱহাৰ:
- On:বাৰ (Days) বা তাৰিখৰ (Dates) আগত বাকোনো বস্তুৰ ওপৰত লাগি থকা বুজালে।
- Example: The pen is on the notebook.
- I will meet you on Monday.
- Her birthday is on 15th August.
- Over:ওপৰেৰে পাৰ হৈ যোৱা বা স্পৰ্শ নকৰাকৈ ওপৰত থকা বুজালে।
- Example: The bird flew over the house.
- Above:বহু ওপৰত থকা বুজালে।
- Example: The sky is above our heads.
৩. To আৰু Into-ৰ ব্যৱহাৰ:
- To:কোনো দিশলৈ যোৱা বুজাবলৈ।
- Example: I am going to school.
- Into:বাহিৰৰ পৰা ভিতৰলৈ গতি কৰা বুজাবলৈ।
- Example: The teacher came into the classroom.
৪. Between আৰু Among-ৰ ব্যৱহাৰ:
- Between:দুটা বস্তু বা দুজন ব্যক্তিৰ মাজত বুজালে।
- Example: Divide the apple between Ram and Hari.
- Among:বহুতৰ মাজত বুজালে।
- Example: Distribute the sweets among the students.
৫.By, With (দ্বাৰা/সৈতে)
- With:কোনো সঁজুলি বা যন্ত্ৰৰ সহায়ত কাম কৰা বুজাবলৈ:
- He killed the snake with a stick. (লাঠীৰে সাপডাল মাৰিলে)
- By:যাৰ দ্বাৰা কামটো কৰা হৈছে (কৰ্তা) বা বাহনৰ যাত্ৰা বুজাবলৈ:
- The letter was written by her.
- We travel by bus.
৬.Since, For (সময়ৰ সীমা বুজাবলৈ)
- Since:এটা নিৰ্দিষ্ট বিন্দুৰ পৰা (Point of time) কামটো চলি থকা বুজাবলৈ (প্ৰায় Present Perfect Continuous Tense-ত ব্যৱহাৰ হয়):
- It has been raining since morning.
- For:এটা দীঘলীয়া সময় ধৰি (Period of time) কামটো চলা বুজাবলৈ:
- It has been raining for three hours.
Appropriate Prepositions (নিৰ্দিষ্ট অব্যয়):
কিছুমান শব্দৰ পিছত সদায় নিৰ্দিষ্ট কিছুমান Preposition বহে। পৰীক্ষাত এইবোৰ প্ৰায়েই আহে:
- Abide by (মানি চলা): We must abide by the rules.
- Agree with (কাৰোবাৰ লগত সন্মত হোৱা): I agree with you.
- Agree to (কাৰোবাৰ প্ৰস্তাৱত সন্মত হোৱা): I agree to your proposal.
- Angry with (কাৰোবাৰ ওপৰত খং উঠা): The teacher is angry with him.
- Angry at (কোনো বিষয়ত খং উঠা): He was angry at my behavior.
- Appeal to (আৱেদন কৰা): He appealed to the judge.
- Apply for (আবেদন কৰা): She applied for the post.
- Beware of (সাৱধান হোৱা): Beware of pickpockets.
- Blind to (দোষৰ প্ৰতি চকু মুদা): A father should not be blind to his son’s faults.
- Blind of (চকুৰে অন্ধ): He is blind of one eye.
- Congratulate on (অভিনন্দন জনোৱা): I congratulate you on your success.
- Die of (বেমাৰত মৃত্যু হোৱা): He died of cholera.
- Die from (বেমাৰৰ বাহিৰে আন কাৰণত যেনে অতিভোজন বা আঘাতত মৃত্যু হোৱা): He died from overeating.
- Famous for (বিখ্যাত): Assam is famous for tea.
- Full of (ভৰ্তি): The glass is full of water.
- Good at (দক্ষ): He is good at Mathematics.
- Key to (চাবিকাঠি): Hard work is the key to success.
- Listen to (মনোযোগ দি শুনা): Listen to your parents.
- Look for (বিচৰা): What are you looking for?
- Look after (চোৱাচিতা কৰা): She looks after her old parents.
- Prefer to (অধিক পচন্দ কৰা): I prefer tea to coffee.
- Prevent from (বাধা দিয়া): Rain prevented us from playing.
- Satisfied with (সন্তুষ্ট): I am satisfied with your work.
- Senior to / Junior to (জেষ্ঠ/কনিষ্ঠ): He is senior to me. (ইয়াতthanনহয়)
- Suffer from (কষ্ট পোৱা/ভোগা): He is suffering from fever.
পৰীক্ষাত সহায়ক হোৱাকৈ কিছুমান টিপ্ছ:
১.সময়ৰ ক্ষেত্ৰত:দিনৰ নামৰ আগত‘On’ (On Monday), মাহ বা বছৰৰ আগত‘In’ (In June, In 2024), আৰু নিৰ্দিষ্ট সময়ৰ আগত‘At’ (At 5 PM) ব্যৱহাৰ কৰিব।
২.যাতায়তৰ ক্ষেত্ৰত:কোনো বাহনত উঠা বুজাবলৈ‘By’ (By bus, By train) ব্যৱহাৰ হয়।
A) Fill in the blanks-
1 He was born ______ November. (A) on (B) in (C) by (D) to(Golaghat 2025)
2 She has been ill ______ the last two years. (A) from (B) since (C) for (D) till(Golaghat 2025)
3. How ______ sugar do you take in tea? (a) many (b) much (c) more (d) some(Kamrup 2025)
Test Paper
১. স্থান আৰু সময় সম্পৰ্কীয় (Time and Place)
- Question: The meeting will start ______ 10 o’clock. (at / in / on)
- Answer:at(প্ৰণিধানযোগ্য: নিৰ্দিষ্ট সময় বুজাবলৈ সদায় ‘at’ বহে।)
- Question: He lives ______ a small village in Assam. (at / in / on)
- Answer:at(সৰু ঠাই বা গাওঁ বুজাবলৈ ‘at’ ব্যৱহাৰ কৰা হয়।)
- Question: My brother was born ______ October. (at / in / on)
- Answer:in(মাহ বা বছৰৰ আগত ‘in’ বহে।)
- Question: We have a holiday ______ Republic Day. (at / in / on)
- Answer:on(যিকোনো বিশেষ দিন বা উৎসৱৰ দিনটো বুজাবলৈ ‘on’ ব্যৱহাৰ হয়।)
২. গতি আৰু দিশ সম্পৰ্কীয় (Movement and Direction)
- Question: The frog jumped ______ the well. (in / into / to)
- Answer:into(বাহিৰৰ পৰা গতি কৰি ভিতৰত প্ৰৱেশ কৰা বুজাবলৈ ‘into’ ব্যৱহাৰ কৰা হয়।)
- Question: He walked ______ the station. (at / to / in)
- Answer:to(কোনো নিৰ্দিষ্ট লক্ষ্য বা দিশলৈ যোৱা বুজাবলৈ ‘to’ বহে।)
- Question: The airplane flew ______ the clouds. (over / on / above)
- Answer:above / over(ওপৰেৰে স্পৰ্শ নকৰাকৈ গতি কৰা বা থকা বুজাবলৈ ‘above’ বা ‘over’ ব্যৱহাৰ হয়।)
৩. আহিলা আৰু মাধ্যম সম্পৰ্কীয় (Agent and Instrument)
- Question: Write the answers ______ black ink. (with / in / by)
- Answer:in(মনত ৰাখিব: ‘ink’ (চিয়াঁহী) থাকিলে ‘in black ink’ হয়, কিন্তু কলম বুজালে ‘with a pen’ হয়।)
- Question: He killed the tiger ______ a gun. (by / with / of)
- Answer:with(কোনো সঁজুলি বা যন্ত্ৰৰ সহায়ত কাম কৰিলে ‘with’ ব্যৱহাৰ হয়।)
- Question: The work was done ______ him. (with / by / from)
- Answer:by(কাৰোবাৰ দ্বাৰা কামটো কৰা বুজাবলৈ ‘by’ ব্যৱহাৰ হয়।)
৪. আটাইতকৈ গুৰুত্বপূৰ্ণ উপযুক্ত অব্যয় (Appropriate Prepositions)
তলৰ এই প্ৰশ্নকেইটা পৰীক্ষাত আটাইতকৈ বেছি বাৰ আহিছে:
- Question: Health is preferable ______ wealth. (than / to / with)
- Answer:to(Preferable, prefer, senior, junior, superior আদিত ‘than’ নহয়, সদায় ‘to’ বহে।)
- Question: The poor man died ______ cancer. (of / from / by)
- Answer:of(কোনো বেমাৰত মৃত্যু হ’লে সদায় ‘die of’ ব্যৱহাৰ হয়।)
- Question: He is fully satisfied ______ my progress. (at / with / of)
- Answer:with(Satisfied-ৰ পিছত সদায় ‘with’ বহে।)
- Question: Are you afraid ______ dogs? (of / with / at)
- Answer:of(ভয় খোৱা অৰ্থত ‘afraid of’ ব্যৱহাৰ কৰা হয়।)
- Question: Assam is rich ______ minerals. (in / of / with)
- Answer:in(কোনো বিষয় বা সম্পদেৰে চহকী বুজাবলৈ ‘rich in’ ব্যৱহাৰ কৰা হয়।)
- Question: One should not be blind ______ one’s children’s faults. (of / to / with)
- Answer:to(কাৰোবাৰ ভুল বা দোষৰ প্ৰতি চকু মুদা বা আওকাণ কৰা বুজাবলৈ ‘blind to’ ব্যৱহাৰ হয়।)
- Question: He is blind ______ his left eye. (of / in / to)
- Answer:ofবাin(চকুৰে নেদেখা বুজাবলৈ ‘blind of’ বা ‘blind in’ ব্যৱহাৰ হয়।)
Q1. Fill in the blanks with appropriate prepositions: (1 x 10 = 10)
- The meeting will start ______ 10:30 AM.
Ans:-The meeting will start at 10:30 AM. (নিৰ্দিষ্ট সময়ৰ আগত ‘at’ বহে।)
- He has been living in this town ______ 2010.
Ans:-He has been living in this town since 2010. (এটা নিৰ্দিষ্ট সময়ৰ পৰা চলি থকা বুজাবলৈ ‘since’ ব্যৱহাৰ হয়।)
- Don’t sit ______ the floor; it’s cold.
Ans:-Don’t sit on the floor; it’s cold. (কোনো পৃষ্ঠৰ ওপৰত লাগি থকা বুজালে ‘on’ বহে।)
- The cat jumped ______ the table to catch the mouse.
Ans:-The cat jumped upon/onto the table to catch the mouse. (গতি কৰি কোনো বস্তুৰ ওপৰত উঠা বুজাবলৈ ‘upon’ বা ‘onto’ ব্যৱহাৰ হয়।)
- He is fond ______ reading detective novels.
Ans:-He is fond of(ভাল পোৱা/আগ্ৰহ থকা/ভাল লাগা)reading detective novels. (‘Fond’ শব্দটোৰ পাছত সদায় ‘of’ বহে।)
- Assamese is spoken ______ the people of Assam.
Ans:-Assamese is spoken by the people of Assam. (কাৰোবাৰ দ্বাৰা কোনো কাম কৰা বুজালে ‘by’ বহে।)
- The train passed ______ the long tunnel.
Ans:-The train passed through the long tunnel. (ভিতৰেৰে পাৰ হৈ যোৱা বুজাবলৈ ‘through’ বহে।)
- Please write your name ______ the top of the page.
Ans:-Please write your name at the top of the page. (নিৰ্দিষ্ট স্থান বা বিন্দু বুজাবলৈ ‘at’ বহে।)
- Health is preferable ______ wealth.
Ans:-Health is preferable to wealth. (‘Preferable’ শব্দটোৰ পাছত ‘to’ বহে, ‘than’ নহয়।)
- The teacher walked ______ the classroom with a smile.
Ans:-The teacher walked into the classroom with a smile. (বাহিৰৰ পৰা ভিতৰলৈ সোমাই অহা বা গতি কৰা বুজাবলৈ ‘into’ বহে।)
Q2. Choose the correct option from the brackets: (1 x 5 = 5)
- There is a bridge ______ the Brahmaputra. (over / on / above)
Ans:-There is a bridge on the Brahmaputra
- She is angry ______ my behavior. (with / at / for)
Ans:-She is angry at my behavior. (ব্যক্তিৰ ওপৰত হ’লে ‘angry with’ আৰু আচৰণ বা কামৰ ওপৰত হ’লে ‘angry at’ হয়।)
- I am looking forward ______ meeting you. (to / for / at)
Ans:- I am looking forward to meeting you. (‘Look forward to’ এটা ফ্ৰেজ।)
- He died ______ overeating. (of / from / by)
Ans:- He died from overeating. (বেমাৰত মৰিলে ‘died of’ কিন্তু বেলেগ কাৰণত হ’লে ‘died from’ হয়।)
- Distribute these pens ______ the five students. (between / among / in)
Ans:- Distribute these pens among the five students. (বহুতৰ মাজত বুজালে ‘among’ বহে।)
Q3. Correct the prepositional errors in the following sentences: (1 x 5 = 5)
- I prefer tea than coffee.
Ans:- I prefer tea to coffee. (Prefer-ৰ পাছত ‘to’ ব্যৱহাৰ হয়।)
- Look to the blackboard.
Ans:- Look at the blackboard. (কোনো দিশত চাবলৈ কোৱা বুজালে ‘look at’ হয়।)
- He is blind for one eye.
Ans:- He is blind of one eye. (চকুৰে অন্ধ বুজাবলৈ ‘blind of’ ব্যৱহাৰ হয়।)
- What is the time in your watch?
Ans:- What is the time by your watch? (ঘড়ীৰ মতে সময় সোধাৰ ক্ষেত্ৰত সদায় ‘by’ ব্যৱহাৰ হয়।)
- She has been ill from Monday.
Ans:- She has been ill since Monday. (নিৰ্দিষ্ট দিনৰ পৰা বুজাবলৈ ‘since’ বহে।)
Q4. Translate the following sentences into English using proper prepositions: (1 x 5 = 5)
১. কিতাপখন মোনাখনৰ ভিতৰত আছে।
Ans:-The book is in the bag.
২. দেওবাৰে স্কুল বন্ধ থাকে।
Ans:-The school remains closed on Sundays.
৩. তেওঁ গুৱাহাটীত বাস কৰে।
Ans:-He lives in Guwahati
৪. মেজৰ ওপৰত থকা কলমটো মোক দিয়া।
Ans:-Give me the pen that is on the table.
৫. আমি নিয়মানুৱৰ্তিতা মানি চলিব লাগে (Abide by)।
Ans:-We must abide by the rules.
**********